ৱেব ডেস্ক, ২০ জুলাই, ২০১৬ :

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড: লক্ষ্মীনন্দন বৰাক ২০১৬ বৰ্ষৰ সুন্দৰৰ সাধক 'অনন্তৰাম বঁটা ' প্ৰদান কৰা হয়। অসমীয়া সৃষ্টিশীল সাহিত্যৰ সাধক অনন্ত ৰাম দাসৰ চতুৰ্দশ বাৰ্ষিক স্মৃতি দিৱস উপলক্ষে বৰপেটা সাহিত্য ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কালি এই বঁটা প্ৰদান কৰা হয়। উক্ত সভাতেই ধেমাজীৰ শিশু সাহিত্যিক পুৰেন্দ্ৰ প্ৰসাদ শইকীয়াক ২০১৬ বৰ্ষৰ 'অনন্তবন' বঁটা প্ৰদান কৰা হয়।
facebook
twitter
google+
fb share