নেশনেল ডেস্ক, ২০ জুলাই, ২০১৬ :
সুদীর্ঘ সাত দশক ধৰি বিতৰ্কৰ আৱর্তত থকা বাবৰি মছজিদত অন্তিমবাৰলৈ আজান দি দুবছৰ কাৰাদণ্ডৰ সন্মুখীন হোৱা তথা বাবৰি মছজিদ-ৰাম জন্মভূমিবিতৰ্কৰ প্ৰথমজন এজাহাৰকাৰী হিচাপে সদায় চৰ্চাৰ কেন্দ্রবিন্দুত থকা হাছিম আনছাৰী আৰু নাই।

দীর্ঘদিনৰ পৰা হৃদৰোগত আক্রান্ত হৈ থকা হাছিম আনছাৰী ২০ জুলাইৰ পুৱতি নিশা প্রায় পাঁচ বজাত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হাছিম আনছাৰীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্বাভাৱিকতেইচৰ্চালৈ আহিবলৈ ধৰে বাবৰি মছজিদ-ৰাম জন্মভূমি বিতৰ্কৰ অন্যতম চক্ষুস সাক্ষী তথা এই সংক্রান্তীয় গোচৰৰ প্ৰথমজন অভিযোগকাৰীৰ মৃত্যুৰ পিছত বাবৰি মছজিদ-ৰাম জন্মভূমি বিতর্ক সংক্রান্তীয় গোচৰৰ ভবিষ্যত্ কি হ’ব ?
ইয়াৰ উত্তৰ দান কৰি হছিম আনছাৰীৰ পুত্র ইকবাল আনছাৰীয়ে কয় যে পিতৃৰ ইচ্ছা অনুযায়ী তেওঁ বাবৰি মছজিদ সংক্রান্তীয় গোচৰ আগবঢ়াই লৈ যাবলৈ সদায় প্রস্তুত হৈ আছে।
বিতর্কিত ভুখণ্ডত প্রথমৰ দৰেই বাবৰি মছজিদ নির্মাণ হ’ব লাগে বুলিপিতৃ হাছিম আনছাৰীয়ে যি সপোন দেখিছিল সেই সপোন বাস্তবায়িত কৰিবলৈ তেওঁ শেষলৈ যুঁজি যাব বুলি আজি ইকবাল আনছাৰীয়ে সংবাদ মাধ্যমক স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে ৰাম জন্মভূমিবাবৰি মছজিদ সংক্রান্তীয় বিতর্ক সূচনাৰ পূর্বে মছজিদৰ নিচেই কাষত বাস কৰা এজন দর্জী হাছিম আনছাৰীৰ পিতৃয়ে মছজিদৰ পৰা নিশাৰ ভাগত এশ্বৰৰ নামাজ আদায় কৰি অহাৰ পিছত পুৱতি নিশা ফজৰৰ নামাজ অর্থাত্ ৰামৰ মূর্তি দেখিবলৈ পাইছিল। ১৯৪৯ চনত সংঘটিত এই ঘটনাৰ পিছতেই বাবৰি মছজিদ প্রবল তলা বন্ধ কৰি দিয়ে। এই সংক্রান্তত ছজন ব্যক্তিৰ সৈতে হাছিম আনছাৰীয়ে আৰক্ষীক এক গোচৰ দাখিল কৰিছিল যদিও সুদীর্ঘ সাত দশকজোৰা আইনী মেৰপেচৰ মাজত উক্ত গোচৰৰ কোনো সুমীমাংসা দেখিবলৈ পোৱা নগ’ল। এই সংক্রান্তত ১৯৬১ চনত আন ছজন ব্যক্তিৰ সৈতে ন্যায়ালয়ৰ কাষ চাপে হাছিম আনছাৰীয়ে।


সুদীর্ঘ কালছোৱাৰ ভিতৰত গোচৰটোৰ আন ছজন অভিযোগকাৰীৰ মৃত্যু হৈছে যদিও হাছিম আনছাৰী শেষলৈ উক্ত গোচৰৰ সুমীমাংসাৰ আশাৰে যুঁজ কৰি গৈছিল। কিন্তু গোচৰটোৰ স্থায়ী মীমাংসা দেখাৰ স্বপ্ন পূৰণ নকৰাকৈয়ে আজি শেষনিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে হাছিম আনছাৰীয়ে এই গোচৰ চলি থকা অৱস্থাতেই ১৯৫২ চনত বিতর্কিত বাবৰি মছজিদত শেষবাৰৰ বাবে আজান দি আইন উলংঘা কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। বিচাৰ প্রক্রিয়া চলি থকা অবস্থাত বিতর্কিত মছজিদত আজান দিয়াৰ অভিযোগত তেওঁ ফৈজাবাদ কাৰাগাৰত দুবছৰকাল শাস্তি ভোগ কৰিবলগীয়া হয়। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতেই হাছিম আনছাৰীয়ে পিতৃৰ পদাংক অনুকৰণ কৰি দৰ্জীৰ কাম চলাই যায় যদিও বাবৰি মছজিদ-ৰাম জন্মভূমি বিতর্ক সংক্রান্তত ১৯৬১ চনত পুনৰ ন্যায়ালয়ৰ কাষ চাপে। এই গোচৰটোরে বর্তমানলৈকে দেশজোৰা আলোচনাৰ কেন্দ্রবিন্দু হৈ আছে। বিতর্কিত ভূখণ্ডৰ সমীপতে বাস কৰা হাছিম আনছাৰীৰ পৰিয়ালে তেওঁৰ পিতৃৰ বৃত্তি অনুকৰণ কৰি দৰ্জী হিচাপে কাম কৰি গৈছিল যদিও জৰুৰীকালীন অৱস্থাত তেওঁ পুনৰ কাৰাবন্দী হ’বলগীয়া হয়। জৰুৰীকালীন অৱস্থাৰ পৰবৰ্তী কাৰামুক্ত । হৈ হাছিম আনছাৰীয়ে চাইকেল মেৰামতি কৰা দোকান দি পৰিয়ালক পোহপাল দি অহাৰ লগতে বাবৰি মছজিদ গোচৰটো আপোচহীনভারে চলাই গৈছিল। বহু ভয়-ভীতি ভাবুকিৰ মাজতো শিৰ নত নকৰা দুঃসাহসী এই হাছিম আনছাৰী মৃত্যুৰ সময়লৈ বিতর্কিত ভূমিখণ্ডত তেওঁ শৈশৱ আৰু কৈশোৰত দেখাৰ দৰে এখন মছজিদৰ স্বপ্ন দেখি গৈছিল।


১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ দৃশ্যও চাক্ষুসভারে প্রত্যক্ষ কৰা হাছিম আনছাৰীয়ে সকলোধৰণৰ সাম্প্রদায়িক উত্তে জনাৰ মাজতে স্থিতপ্রজ্ঞৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছিল। গোচৰটো প্রত্যাহাৰৰ বাবে তেওঁ সকলোধৰণৰ লোভ-প্রলোভন জয় কৰি অহাই নহয়, সকলো ধৰণৰ প্রশাসনিক আৰু ৰাজনৈতিক হেঁচাও হেলাৰঙে উপেক্ষা কৰি আহিছিল। তেওঁৰ মৃত্যু হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র দেশজুৰি ইছলামধর্মী লোকসকলৰ মাজত গভীৰ শোকৰ ছবিৰাজ কৰিছে। তেওঁৰ মৃত্যুত শোকব্যক্ত কৰি বাবৰি মছজিদ একচন কমিটীৰ আহবায়ক জাফৰায়েব জিলানীয়ে কয় যে হছিম আনছাৰীৰ মৃত্যুরে বাবৰি মছজিদ গোচৰত কোনো প্রভাব নেপেলায়। কিয়নো এজন চক্ষুস সাক্ষী হিচাপে হাছিম আনছাৰীৰ সকলো জবান বন্দী ইতিমধ্যেই ন্যায়ালয়ত লিপিবদ্ধ হৈ আছে।


facebook
twitter
google+
fb share