ধানৰ সলনি পতান চি আই ডি তদন্তৰ আশ্বাস


গুৱাহাটী, ২০ জুলাই ঃ
কৃষি বিভাগত সংঘটিত ব্যাপক দুর্নীতি-অনিয়মৰ তদন্ত দাবী কৰিছে শাসক-বিৰোধীৰ বিধায়কে৷ আজি বিধানসভাৰ মজিয়াত কৃষি বিভাগত বিগত সময়ত সংঘটিত দুর্নীতিৰ দাবী কৰে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে।
বিশেষকৈ ধনৰ সলনি পতান ওলোৱা নাভূত-নাশ্রুত কাণ্ডৰ তদন্ত কৰি কংগ্ৰেছ বিধায়কগৰাকীয়ে সদনৰ দৃষ্টি আকর্ষণ কৰে। উন্নত বীজ প্রদানৰ নামত কৃষকক ৰামটাঙোন শোধোবা এই কাণ্ডৰ বাবে প্রকৃতাৰ্থত কোন দায়ী সেয়া তদন্তৰ জৰিয়তে বিচাৰি উলিয়াব লাগে আৰু শাস্তি প্রদান কৰিব লাগে বুলি শ্বেৰমন আলী আহমেদে দাবী কৰে। বিৰোধী বিধায়কগৰাকীৰ দাবীক সমর্থন কৰে শাসকীয় পক্ষৰ বহু বিধায়কে।
বিধায়কগৰাকীৰ পৰিপূৰক প্রশ্নৰ উত্তৰত কৃষিমন্ত্রীঅতুল বৰাই কয় যে ধানৰ পৰা পতান’কিয় ওলাল আৰু কেনেকৈ ওলাল অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে। নিশ্চয় আপুনিও জানে। আমাৰ চৰকাৰে কৃষকক বীজ, সা-সজুলি আদি বিতৰণত সেয়েহে কোৱালিটী আৰু কোৱাণ্টিটীত আপোচ নকৰে। মন্ত্রী বৰাই কয় যে পূৰ্বৰ চৰকাৰে কৃষি বিভাগত সংঘটিত দুর্নীতিৰ চি আই ডি তদন্ত দিছিল। কিন্তু পিছত তদন্ত বৰাই সদনক জানিবলৈ দিয়ে। প্রকৃত কৃষকে যাতে সুবিধা পায় তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব। 
ৰাজ্যৰ কৃষকৰ মাজত ছইল হেলথ কার্ড আৰু কৃষক পৰিচয়-পত্র বিতৰণ কৰা হ'ব। অগপৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীয়ে কৃষি বিভাগত সংঘটিত অনিয়মৰ উচ্চ পর্যায়ৰ তদন্ত দাবী কৰে। বিধায়ক বছৰি ধানৰ উত্পাদন হ'ল ৮১,৬২,৩৪৮ মেট্রিক টন। অসমত উত্পাদিত ধানৰ চাউল বহিঃৰাজ্যলৈ বিক্ৰী হৈ যায়। ২০১৫-১৬ বৰ্ষত মুঠ ৭৯,২৪৮.৫৯ কুইন্টল চাউল বহিঃৰাজ্যলৈ ৰপ্তানি হৈছে। আনহাতে, দলীয় বিধায়ক প্রাক্তন কৃষিমন্ত্ৰী ৰকিবুল হুছেইনক বিব্রত দেখা গৈছিল।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment