১৯৭১ৰ পিচত অহা বিদেশীৰ বোজা নলয় অসমে : আছু

২৬ জুলাইত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত

দিনৰ ১১ বজাৰ পৰা ২ বজালৈ আছুৰ বিক্ষোভ

গুৱাহাটী, ২০ জুলাই :
১৯৭১ চনৰ পিচত বাংলাদেশকে ধৰি চুবুৰীয়া ৰাষ্ট্রসমূহৰ পৰা ভাৰতত প্রৱেশ কৰা অমুছলমান লোকসকলক ভাৰতীয় নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্র সস্থা (আছু)। 
কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তই অসমৰ খিলঞ্জীয়া জনগণৰ স্বার্থ বিঘ্নিত কৰিব বুলি ছাত্র সংগঠনটোৱে কোৱাৰ লগতে অহা ২৬ জুলাইত ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰিছে। আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে আজি এনেদৰে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমত বিদেশী নাগৰিকৰ সমস্যা সমাধান অসম চুক্তিৰ আধাৰতহে হ’ব লাগিব। খিলঞ্জীয়া মানুহৰ স্বার্থ বিঘ্নিত হ’ব পৰা কোনো ব্যৱস্থা মানি লোৱা নহ’ব বুলি মন্তব্য কৰি তেওঁলোকে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হ’ব পৰাকৈ কোনো আইনৰ সংশোধন নকৰিবলৈ আহ্বান জনাইছে। ছাত্র সংগঠনটোৰ নেতা দুজনে কয় যে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পূর্বে বাংলাদেশৰ পৰা অহা হিন্দু অথবা মুছলমান দুয়োপক্ষৰ বিদেশীৰ বোজা ভাৰতবৰ্ষৰ হৈ অসমে গ্রহণ কৰিছে। এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনে ১৯৭১ চনৰ পিচত অহা কোনো বিদেশীৰ বোজা গ্রহণ কৰিব নোৱাৰে। কিয়নো অসম অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। এনে অৱস্থাত ১৯৭১ চনৰ পিচত অহা হিন্দু-মুছলমান অবৈধ বাংলাদেশীৰ বোজা অসমক জাপি দিবলৈ কেন্দ্রীয় চৰকাৰে কৰা ষড়যন্ত্র কোনো কাৰণে মানি লোৱা নহ’ব। সেয়েহে নাগৰিকত্ব আইন সংশোধনৰ বাবে কেন্দ্রই গ্রহণ কৰা পদক্ষেপৰ প্রতিবাদত অহা ২৬ জুলাইত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ সস্থাই বিক্ষোভ প্রদর্শন কৰিব। সস্থাৰ নেতাদ্বয়ে আৰু কয় যে অসম আন্দোলনৰ সময়ৰ পৰা বর্তমানলৈকে অসমৰ খিলঞ্জীয়া মানুহে নিজৰ পৰিচয় ৰক্ষা কৰাৰ বাবে কৰি অহা অবিৰত সংগ্রামৰ মৰ্মবেদনা আৰু গুৰুত্ব কেন্দ্রীয় চৰকাৰে নুবুজিলে অথবা বুজিও নুবুজাৰ ভাও ধৰিলে। কিয়নো বাংলাদেশীৰ প্ৰব্ৰজনৰ সমস্যাটো আদালতে যথেষ্ট গুৰুতৰ বুলি ইতিপূর্বে কোৱাৰ লগতে ইয়াক বহিঃআগ্রাসন বুলিও মন্তব্য কৰিছিল। আনকি অবৈধ বাংলাদেশীয়ে অসমত কিংমেকাৰ হ’ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছিল। সেয়েহে নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে ১৯৭১ চনৰ পিচত ভাৰতত প্রৱেশ কৰা অমুছলমান বিদেশীসকলক ভাৰতীয় নাগৰিকত্ব প্রদানৰ বাবে লোৱা ব্যৱস্থাৰ জৰিয়তে অবৈধ বাংলাদেশীৰ বোজা কেৱল অসমে বহন কৰাটো প্রতিফলিত হ’ব নালাগিব।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment