৬,৭৭৯.১৬ কোটি ৰাজসাহায্য ! ৰাজ্য চৰকাৰৰ হাতত নাই বন্ধ উদ্যোগৰ তথ্য

: বিধানসভাত অসহায় উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰী :

গুৱাহাটী, ২০ জুলাই, ২০১৬ :
ৰাজ্যৰ যুবক-যুৱতীসকলক কর্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ঔদ্যোগীক ক্ষেত্ৰখনত অধিক গুৰুত্ব প্রদান কৰি আহিছে যদিও বাস্তর ক্ষেত্ৰখনত এক বিপৰীত ছবি পোৰহলৈ আহে। প্রতি বছৰে ৰাজ্য চৰকাৰখনে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত উদ্যোগ স্থাপনৰ বাবে কোটি কোটি টকা বিনিয়োগ কৰি আহিছে যদিও উক্ত উদ্যোগসমূহ কেনে পর্যায়ত আৰু কেনেদৰে
চলিছে তাৰ কোনো সঠিক তথ্য নাই ৰাজ্য চৰকাৰৰ।
আজি সদনৰ মজিয়াত বাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ এই অসহায় ছবিখন উন্মোচিত হয়। কেবল এয়াই নহয় হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা বহু উদ্যোগ ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু বহু উদ্যোগ মৃত্যুৰ ক্ষণ গণি আছে। ৰাজ্যত বন্ধ হৈ থকা উদ্যোগসমূহৰ কোনো তথা নাই ৰাজ্য চৰকাৰৰ হাতত। একপ্রকাৰ ৰাজ্য চৰকাৰে উদ্যোক্তাসমূহত কেবল ধন বিনিয়োগ কৰিয়েই দায়িত্ব সামৰিছে। আজি সদনৰ মজিয়াত অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ প্রশ্নৰ উত্তৰত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডৰ এই পয়ালগা ছবিখন পোহৰলৈ আহে। বাণিজ্য আৰু উদ্যোগমন্ত্রীচন্দ্রমোহন পাটোৱাৰীয়ে বাজ্যত কিমান উদ্যোগ মৃত্যু ঘটিল আৰু কি কাৰণত এই উদ্যোগবোৰৰ মৃত্যু ঘটিল সেই সন্দৰ্ভত কোনোধৰণৰ তথ্য সদনত দাখিল কৰিব নোৱাৰিলে। তথ্য অনুসৰি ২০০১ চনৰ পৰা ৩১ মার্চ ২০১৬ পর্যন্ত ৰাজ্যত মুঠ ২৯,২২২টা অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগ স্থাপন কৰা হ’ল। এই উদ্যোগ স্থাপনৰ ক্ষেত্ৰত প্রায় ৩,২১৭.৪১ কোটি টকা বিনিয়োগ কৰা হয়। একেদৰে ৰাজ্যখনত ব্যক্তিগত খণ্ডত মজলীয়া আৰু বৃহৎ উদ্যোগসমূহৰ ভিতৰত মুঠ ২১৬টা উদ্যোগ স্থাপন কৰা হয়। উক্ত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মুঠ ৩,৫৬১.৭৫ কোটি টকা বিনিয়োগ কৰা হয়। মন কৰিবলগীয়া যে ২০০১ চনৰ পৰা ২০১৬ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰী আৰু ব্যক্তিগতখণ্ডত সৰ্বমুঠ ৬,৭৭৯,৭৫ কোটি টকা ৰাজ্য চৰকাৰে বিনিয়োগ কৰে যদিও উক্ত উদ্যোগসমূহৰ কিমানটা উদ্যোগ বন্ধ হ’ল আৰু কিমান উদ্যোগৰ অৱস্থা সেয়ে হৈ আছে সেইসন্দৰ্ভত ৰাজ্য চৰকাৰৰ হাতত কোনো তথ্য নথকাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি ডিব্ৰুগড় জিলাৰ লেপেটকটাত কেন্দ্রীয় চৰকাৰৰ অধীনত ব্ৰহ্মপুত্র ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) স্থাপন হৈছে।ইয়াৰ বিনিয়োগৰ পৰিমাণ অনুমানিক ৯,৫০০ কোটি টকা আকনামৰূপৰ অসম পেট্ৰ’কেমিকেলৰ লিমিটেড (APL)ৰ সম্প্রসাৰণ (মিথাইল প্রকল্প)ৰ দিহা কৰা হৈছে। ইয়াৰ বিনিয়োগৰ পৰিমাণ অনুমাণিক ১,১০০ কোটিটকা।তাৰ উপৰি ২০০৭ চনৰ ১৫ জুনত দুলিয়াজন, নুমলীগড় পাইপলাইন লিমিটেড নামৰ যৌথ খণ্ডত এক নতুন উদ্যোগ স্থাপন হয়। এই উদ্যোগ অসম গেছ কোম্পানী লিমিটেড (AGCL)ৰ অধীনস্থ আৰু ই দুলীয়াজনিত অৱস্থিত। ইয়াক অন্যান্য অংশীদাৰসকল হ’ল অসম গেছ কোম্পানী লিমিটেড (AGCL-51%), নুমলীগড় শোধনাগাৰ (NRL-26") আৰু ভাৰতীয় তেল নিগম (OIL-23 %)। মুঠ ৩৭৯.২৫ কোটি টকা ব্যয়ৰে এই উদ্যোগটো ২০১১ চনৰ ফেব্ৰুৱাৰীত সম্পূর্ণ হয় আৰু এপ্রিলত কার্যকৰী হয় বুলি মন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা তথ্য সদৰী কৰা হয়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment