অসমে নাপায় বিশেষ ৰাজ্যৰ মৰ্যাদা

ৰিপুন বৰাৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত বিত্ত মন্ত্রী জেটলিৰ ঘোষণা,৯০ঃ১০ অনুপাতত পুঁজি নিদিয়ে মোডী চৰকাৰে

চতুর্দশ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ভিত্তিত ধন আবণ্টন

ৱেব ডেস্ক, ১৯ জুলাই, ২০১৬ ঃ
কেন্দ্রীয় চৰকাৰে ইতিমধ্যে কর্তন কৰা বিশেষ শ্রেণীৰ ৰাজ্যৰ মর্যাদা অসমে আৰু ঘূৰাই নাপায়৷ ৰাজ্য চৰকাৰে এই মৰ্যাদা ঘূৰাই পোৱাৰ বাবে আবেদন কৰাৰ লগতে বিভিন্ন দল-সংগঠনে উত্থাপন কৰা দাবীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ গা লৰাব পৰা নাই। 
কেন্দ্রই অসমক বিশেষ শ্রেণীৰ মর্যাদা প্রদানৰ পৰা বঞ্চিত কৰাৰ লগতে ৯০ঃ১০ ব্যৱস্থাত পুঁজি আবণ্টন দিয়াৰো কোনো ব্যৱস্থা ৰখা নাই। কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিয়ে আজি ৰাজ্যসভাত দিয়া মন্তব্যত এই কথা স্পষ্ট হৈ পৰিছে। তেওঁ অসমে ইমানদিনে লাভ কৰি থকা সুবিধা সমূহ কৰ্তন কৰা বিষয়ত পোনপটীয়াকৈ কোৱাৰ পৰিবর্তে কৌশলগত ভাৱেহে জানিবলৈ দিয়ে। বিশেষকৈ তেওঁ এনেদৰে কয় যে অসমে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিবলগীয়া পুজি চতুর্দশ বিত্তীয় আয়োগৰ পৰামর্শ অনুসৰিহে লাভ কৰিব। কিন্তু লক্ষণীয় বিষয়টো হ’ল যে চতুর্দশ বিত্তীয় আয়োগৰ পৰামৰ্শাৱলীত অসমক বিশেষ শ্রেণীৰ ৰাজ্যৰ মৰ্যাদা প্রদান কৰা অথবা ৯০ঃ১০ ব্যৱস্থাত কেন্দ্রীয় পুজি যোগান ধৰাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই। 
সেয়েহে জেটলিৰ বক্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে অসমে কেন্দ্রীয় চৰকাৰৰ পৰা পুনৰ বঞ্চনাৰ সন্মুখীন হোৱাটো নিশ্চিত। মন কৰিবলগীয়া বিষয়টো হ’ল যে অসমক বিশেষ শ্রেণীৰ ৰাজ্যৰ মর্যাদা প্রদান কৰাৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈ আহিছে। 
আনকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনেও এই দাবী কেন্দ্রীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। 
ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোড়ীয়ে অলপতে কৰা মেঘালয় ভ্ৰমণৰ সময়ত শ্বিলঙত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক অঞ্চলটােৰ ৰাজ্যসমূহলৈ ৯০ঃ১০ হাৰত পুজিৰ যোগান ধৰাৰ লগতে বিশেষ শ্রেণীৰ ৰাজ্যৰ মৰ্যাদা প্রদান কৰাৰ আশ্বাস দিছিল। কিন্তু কার্যতঃ তেওঁৰ আশ্বাস অসাৰ প্রতিপন্ন হ’ল। 
আজি ৰাজ্যসভাত কংগ্রেহী সাংসদ তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ৰিপুণ বৰাই প্রধানমন্ত্ৰীৰ উক্ত আশ্বাসৰ বিষয়ে উল্লেখ কৰাৰ লগতে এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে জানিবলৈ বিচাৰে। ইয়াৰ উত্তৰত কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰীয়ে সেই সময়ত দিয়া আশ্বাসৰ বিষয়টো কৌশলেৰে এৰাই চলি কয় যে চতুর্দশ বিত্ত আয়োগে আগবঢ়োৱা পৰামর্শ অনুসৰি ৰাজ্যসমূহক কেন্দ্রই আগবঢ়োৱা সহায় প্রক্রিয়াত কিছু সলনি ঘটোৱা হৈছে। 
এতিয়া কেন্দ্রীয় চৰকাৰে এই পৰামর্শ মানি লৈ চতুর্দশ বিত্ত আয়োগৰ মতে ৰাজ্যসমূহলৈ সহায় আগবঢ়াব। সেইমতে উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যৰ বাবে পৃথক ব্যৱস্থা ৰখা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে ৰাজ্যসমূহক কেন্দ্রই ইমানদিনে আবণ্টন দিয়া ৰাজহৰ পৰিমাণ ৩২ শতাংশৰ পৰিবর্তে ৪২ শতাংশলৈ বৃদ্ধি কৰা হব। ফলত ৰাজ্যসমূহে পূৰ্বৰ তুলনাত অধিক পুজি লাভ কৰিবলৈ সক্ষম হ'ব।


অসমে ইমানদিনে কেন্দ্ৰৰ পৰা বিশেষ শ্রেণীৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰি আহিছিল। এই ব্যৱস্থাৰ অধীনত অসমে কেন্দ্ৰৰ পৰা কিছুমান বিশেষ সুবিধাও লাভ কৰিছিল। উদাহৰণস্বৰূপে ক’ব পাৰি যে কেন্দ্রীয় চৰকাৰে বিভিন্ন আঁচনিৰ বাবে আগবঢ়োৱা পুজিৰ ৯০ শতাংশ আদায় দিয়াৰ বিপৰীতে ১০ শতাংশ ধনহে ৰাজ্য চৰকাৰে দিব লাগিছিল। কিন্তু এই ব্যৱস্থা প্রত্যাহাৰ কৰাৰ পিচত অসম স্বাভাৱিকতে যথেষ্ট সংকটৰ সন্মুখীন হৈছিল। পুজি আবণ্টনৰ প্রক্রিয়া আঁচনি ভিত্তিত সাল-সলনি কৰি দিয়া হৈছিল।
কিছুমান আঁচনিৰ বাবে ৮০ঃ২০, কিছুমানৰ বাবে ৭০ঃ৩০ আনকি ৫০ঃ৫০ হাৰতো কেন্দ্রীয় পুজি যোগানৰ প্রৱর্তন কৰা হৈছিল। ইয়াৰ ফলত অসম চৰকাৰে আদায় দিবলগীয়া অংশৰ পৰিমাণ স্বাভাৱিকতে বৃদ্ধি পাইছিল। 
এনে ৰাজ্যখনক বিত্তীয় সংকটত পেলুৱাত পূৰ্বৰ নিয়ম বাহাল ৰাখিবৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। 
এনে দাবীৰ পিচতেই প্রধানমন্ত্রী মোড়ীয়ে শ্বিলঙত উক্ত ধৰণে আশ্বাস দিছিল যদিও আজি কেন্দ্রীয় বিত্ত মন্ত্ৰীয়ে ৰাজ্যসভাত আগবঢ়োৱা বক্তব্যৰ পৰাই অসম পুনৰ বঞ্চনাৰ সন্মুখীন হোৱাটো স্পষ্ট হৈ পৰিল।


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment