ৱেব ডেস্ক, ১৮ জুলাই, ২০১৬ :

বিতর্কিত প্ৰচাৰ অভিযানেৰে আমেৰিকাৰ ৰাজনীতি উত্তাল কৰা আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্রার্থী ড'নাল্ড ট্রাম্পে আজি চিবিএছ নিউজ’ৰ সৈতে হোৱা এক ৬০ মিনিট দৈর্ঘ্যৰ সাক্ষাত্কাৰত মন্তব্য কৰিছে যে নির্বাচনত তেওঁ জয়লাভ কৰিলে মধ্যপ্রাচ্যৰ কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব। অৱশ্যে যুদ্ধ ঘোষণা কৰিলেও সন্ত্রাসবাদী সংগঠনটোক উত্খাত কৰিবলৈ অতি কমসংখ্যক সৈনিককহে তেওঁ যুদ্ধভূমিলৈ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰি নাটো সদস্য ৰাষ্ট্ৰবোৰৰ ওপৰত বেছি নির্ভৰশীল হোৱাটো সঠিক নহয় বুলিও মন্তব্য আগবঢ়াইছে। উল্লেখনীয় যে আগন্তুক নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ পৰাক্ৰমী ৰাষ্ট্ৰখনৰ ৰাষ্ট্রপতি বিভিন্ন বিতর্কিত মন্তব্যই দেশখনৰ ৰাজনীতিত অস্থিৰতাৰ সৃষ্টি কৰিছে। ক্লেভেলেণ্ডত ৰিপাব্লিকান দলৰ বিভিন্ন প্রতিবাদী কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে।
facebook
twitter
google+
fb share