
গুৱাহাটী, ১৯ জুলাই, ২০১৬ :
আজি আবেলি ২ বজাৰ পৰা গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মূখ্য কাৰ্যালয় তথা ৰাজীৱ ভৱনত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আমৰণ অনশন কাৰ্যসূচীত বহিছে৷ প্ৰিয়ংকা গান্ধীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা, চি পি জ্যোশিক অসমৰ দায়িত্বৰ পৰা অপসাৰণ কৰা আৰু ছোনিয়া গান্ধীয়ে নিজে অসমলৈ আহি বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰা ১২৬ গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগত আলোচনাত মিলিত হোৱাৰ অনুৰোধ লৈ মৰিয়নী সমষ্টিৰ বিধায়ক গৰাকীয়ে এই কাৰ্যসূচী ৰূপায়ন কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ বিধায়ক গৰাকীয়ে ইতিমধ্যে দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে৷ অসমত এইবাৰ শোচনীয় ভাবে মুঠ ১২৬ টা সমষ্টিৰ ভিতৰত মাথো ২৬ খন সমষ্টিত হে জয়লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ বাবে তেওঁ অসমৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতা চি পি জ্যোশিক দায়ি কৰে৷ উল্লেখ্য যে বিধানসভাৰ বাজেট অধিৱেশন চলি থকা সময়ত কুৰ্মীৰ এই আমৰণ অনশন কাৰ্যসূচীয়ে তাত্পৰ্য বহন কৰিছে৷
facebook
twitter
google+
fb share