
গুৱাহাটী, ১৮ জুলাই, ২০১৬ :
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমনু হাজৰিকাই চলাই থকা কার্যকলাপে তেওঁ যে পাকিস্তানী অবৈধ বিদেশীৰ পৃষ্ঠপোষক সেই কথা স্পষ্টভারে প্রমাণিত কৰিছে বুলি অসম সন্মিলিত মহাসংঘই অভিযোগ কৰে। হাজৰিকাই মহাসংঘৰ যুক্তি তথ্যৰ যথাযথ উত্তৰ দিব নোৱাৰি যোৱা ৪ মে’ত কেইখনমান কাকতত দিয়া বিবৃতিত মহাসংঘৰ বিৰুদ্ধে আইনী পদক্ষেপ ল’ব বুলি দিয়া ভাবুকি হাস্যকৰ বুলি অভিহিত কৰে। মহাসংঘৰ হৈ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহাসচিব পূর্ণানন্দ ৰাভাই কয় যে মহাসংঘই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অবৈধ, পক্ষপাতমূলক কাৰ্যৰ বিৰুদ্ধে ছুপ্রিম কর্টত চাৰিটা গোচৰ চলাই আছে। পাকিস্তানীৰ পৃষ্ঠপোষক হাজৰিকাৰ কোনো ভাবুকিয়ে মহাসংঘক বিচলিত কৰিব নোৱাৰে। বৰঞ্চ অসমৰ জনসাধাৰণক নানা ভালৰি লগোৱা কথা কৈ বিপক্ষে পৰিচালিত কৰি থকা অসত্ আৰু দুষ্কার্য হাজৰিকাই বন্ধ কৰা উচিত অন্যথা প্রকৃত খিলঞ্জীয়াসকল ধৈর্যচ্যুত হ’ব লাগিলে কিন্তু তিলমানো ৰেহাই নাপাব তথা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি মহাসংঘই সতর্ক কৰি দিয়ে। বিবৃতিটোত লগতে কোৱা হৈছে যে হাজৰিকাই জানে যে মহাসংঘৰ পৃষ্ঠপোষকতাত অসমৰ শ্বহীদ আৰু নির্যাতিতা পৰিয়ালৰ ব্যক্তিয়ে ১৯৫৫ চনৰ নাগৰিকত্ব আইন ২০০৩ চনত সংশোধন কৰি ধাৰা ৩(ক) যুক্ত কৰা কার্য অবৈধ আৰু অসাংবিধানিক বুলি ৩১১/২০১৫ নং গোচৰ ভাৰত চৰকাৰৰ বিৰুদ্ধে ছুপ্রিম কটত চলাই আছে। এই গোচৰটো ২০১৫ চনৰ ২১ জুলাইত ন্যায়াধীশৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিনটন নাৰীমনৰ খণ্ড বিচাৰপীঠে গোচৰটো সংবিধান উলংঘাৰ গুৰুতৰ অভিযোগ সম্বলিত হেতুকে সাংবিধানিক বিচাৰিপীঠলৈ প্ৰেৰণ কৰিছিল। সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন বিষয় এটা আওকাণ কৰি হাজৰিকাই যোৱা ১৯ জুনত যোৰহাট প্রেছ ক্লাবত এক সংবাদমেলত ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ২০০৩ চনৰ সংশোধনীত ৩ ডিচেম্বৰৰ ঠাইত ১৯৭১ চনৰ ২৫মার্চঅন্তর্ভুক্তকৰি সংশোধনকৰিব লাগে বুলি দাবীকাৰ অবৈধ পাকিস্তানী বিদেশীৰ পৃষ্ঠপোষকতা কৰিছেবুলি মহাসংঘই অভিযোগ কৰে। ১৯৫১ চনৰপৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসম প্রবেশকৰা অবৈধ বিদেশীসকল পাকিস্তানী নাগৰিক- আহিছে পূব পাকিস্তানৰ পৰা। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ আহি থকা পূব পাকিস্তানৰ নাগৰিকসমূহে বাংলাদেশৰ নাগৰিক।
facebook
twitter
google+
fb share