ৱেব ডেস্ক, ১৮ জুলাই, ২০১৬ ঃ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্রতিবেদনত ভাৰতৰ চিকিত্সকসকলৰ যোগ্যতাৰ ওপৰত প্রশ্নৰ অৱতাৰণা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আন্তজাতিক স্বাস্থ্য সংস্থাটোৰ প্রতিবেদনৰ উদ্ধৃতি দি দেশৰ আগশাৰীৰ সংবাদপত্র দ্য হিন্দুয়ে প্রকাশ কৰিছে যে ২০০১ চনত ভাৰতৰ এলোপেথিক চিকিত্সকসকলৰ মাত্র ৩১ শতাংশইহে উচ্চতৰ মাধ্যমিক পর্যায়লৈ শিক্ষা লাভ কৰিছিল। ৫৭ শতাংশৰ কোনো ধৰণৰ চিকিত্সা বিজ্ঞানৰ শিক্ষা নাই বুলি উল্লেখ কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদনত। উল্লেখনীয় যে ভাৰতৰ প্রতি ১ লাখ লোকৰ বিপৰীতে আছে এলোপেথিক, আয়ুৰ্বেদিক, য়ুনানি আৰু হোমিঅ’পেথিক ৮০ গৰাকী চিকিত্সক। ইয়াৰ বিপৰীতে নাৰ্ছৰ সংখ্যা হৈছে প্রতি ১ লাখ লোকৰ বিৰুদ্ধে মাত্র ৬১গৰাকী। ইফালে চীনত প্রতি ১ লাখ লোকৰ বিৰুদ্ধে ১৪৮গৰাকী চিকিত্সক আৰু ১০৩গৰাকী নাৰ্ছ আছে। যোৱা মাহত প্রকাশ কৰা WHO ৰ দ্য হেলথ ৱৰ্কফৰ্ছ ইন ইণ্ডিয়া’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ গ্ৰামাঞ্চলত কাম কৰা মাত্র ১৮.৮ শতাংশ এলোপেথিক চিকিত্সকৰহে আছে চিকিত্সা বিজ্ঞানৰ শিক্ষা। এলোপেথিকচিকিত্সকৰ ৬৭ শতাংশ মহিলাৰ বিপৰীতে পুৰুষ মাত্র ৩৮ শতাংশৰহে চিকিত্সা বিজ্ঞানৰ শিক্ষা আছে বুলি এই প্রতিবেদনত উল্লেখ কৰা হৈছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্রতিবেদনত সন্দর্ভত দেশৰ মেডিকেল কাউঞ্চিলে কোনো ধৰণৰ তাত্ক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই।
facebook
twitter
google+
fb share