মির্জাৰ পতঞ্জলি যোগপীঠত অবৈধ নিযুক্তিক লৈ উত্তেজনা

গুৱাহাটী, ১৮ জুলাই, ২০১৬ : 

দক্ষিণ কামৰূপৰ মিৰ্জাৰ সোণতলাত ২০০৯ চনত স্থাপন হোৱা যোগগুৰু ৰামদেৱৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন পতঞ্জলি যোগপীঠত অবৈধভাৱে চলি থকা নিযুক্তি প্রক্রিয়া আজি বন্ধ কৰি দিয়ে আছু আৰু সদৌ অসম নিবনুৱা পৰিষদে৷ যোগপীঠৰ বিষয়ববীয়াসকলে নীতিবহিৰ্ভূত ভাবে যুৱক-যুৱতীসকলৰ বায়োডাটা সংগ্ৰহ কৰি সাক্ষাত্কাৰ অনুষ্ঠিত কৰি থকাৰ সময়তে আজি কামৰূপ জিলা ছাত্র সস্থা, দক্ষিম কামৰূপ ছাত্র সস্থা আৰু সদৌ অসম নিবনুৱা পৰিষদে এক অভিযান চলাই অবৈধভাৱে চলি থকা নিযুক্তি প্রক্রিয়া বন্ধ কৰি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। যোগপীঠৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা পৰিচালক শ্যাম সুন্দৰ ৰায়ক ঘেৰাও কৰি ছাত্র সন্থা, নিবনুৱা পৰিষদৰ লগতে অঞ্চলটোৰ ভুক্তভোগী স্থানীয় যুৱক-যুৱতী, ছাত্র-ছাত্ৰীসকলে বিভিন্ন প্রশ্নৰে থকাসৰকা কৰি অবৈধভাৱে চলি থকা নিযুক্তি প্রক্রিয়া বন্ধ কৰি দিয়ে। লগতে যোগপীঠত সকলো সাক্ষাত্কাৰ আৰু নিযুক্তি প্রক্রিয়া নীতি-নিয়মৰ মাজেৰে কৰিবলৈ সকীয়াই দিয়ে সংগঠনকেইটাই। কেইবাশ যুৱক-যুৱতীয়ে অংশগ্রহণ কৰা প্রতিবাদী কাৰ্যসূচীত যোগপীঠৰ দৰে এটা অনুষ্ঠানত এনেদৰে অবৈধভাৱে চলা কার্যক ধিক্কাৰ দিয়ে কামৰূপ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিৰোদ কুমাৰ দাস আৰু সদৌ অসম নিবনুৱা পৰিষদৰ সভাপতি সূর্য দাসে। মির্জাৰ সোণতলাত স্থাপন হোৱা এই যোগপীঠত স্থানীয় যুৱক-যুৱতী, ছাত্র-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ যোগপীঠৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা শ্যামসুন্দৰ ৰায়ক সকীয়াই দিয়ে দক্ষিণ কামৰূপ ছাত্র সস্থাৰ সভাপতি নয়নমণি দাসে। যদিহে যে যোগপীঠখনত এনে অবৈধ কাৰ্যসূচী বন্ধ নকৰে তেতিয়াহ’লে অনাগত সময়ত সংগঠনকেইটাই ৰাইজৰ সহযোগত তীব্র আন্দোলন কৰাৰ হুংকাৰ দিয়ে। আনহাতে, যোগপীঠৰ দায়িত্বত থকা পৰিচালক শ্যামসুন্দৰ ৰায়ে আছু আৰু নিবনুৱা পৰিষদৰ প্রতিনিধি দলটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাত উত্তেজিত হৈ সংগঠনকেইটাই ৰায়ৰ সৈতে তর্কযুদ্ধত লিপ্ত হয় আৰু তেওঁৰ হাতত থকা অবৈধ সাক্ষাত্কাৰৰ নথি-পত্ৰসমূহ জব্দ কৰে। পিছত যোগপীঠৰ পৰিচালকগৰাকীয়ে আছু আৰু নিবনুৱা পৰিষদৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধান কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment