ৱেব ডেস্ক, ১৯ জুলাই, ২০১৬ :

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এজন কর্মীয়ে তৰা এটা মানহানি গোচৰত সর্বোচ্চ ন্যায়ালয়ে আজি কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীক কঠোৰ ভৰ্তসনা কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই (আৰ এছ এছ) মহাত্মা গান্ধীক হত্যা কৰিছিল বুলি ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়ত এখন সমাবেশত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল। সেই মন্তব্যৰ পৰিপ্রেক্ষিততেই এজন আৰ এছ এছৰ কর্মীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ এখন আদালতত গোচৰ তৰে। ৰাহুল গান্ধীয়ে সেই গোচৰটো খাৰিজ কৰাৰ বাবে সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আজি সেই আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ে ৰাহুলক তীব্র ভৰ্তসনা কৰে। সর্বোচ্চ ন্যায়ালয়ে কয় যে গান্ধী হত্যাৰ বিষয়টোক লৈ এটা সংগঠনক সামগ্রিকভাৱে দোষী সাব্যস্ত কৰিব নোৱাৰি। কিন্তু মহাৰাষ্ট্ৰৰ আদালতত এই গোচৰটো চলি থাকিব নে গোচৰটো খাৰিজ কৰা হ’ব, সেই বিষয়ে অহা ২৭ জুলাইত সর্বোচ্চ ন্যায়ালয়ে পুনৰ শুনানি গ্রহণ কৰি ৰায় প্রদান কৰিব।
facebook
twitter
google+
fb share