ৱেব ডেস্ক, ১৯ জুলাই, ২০১৬ :
ৰহাৰ এইমছ দাবী সমিতিৰ প্রস্তাৱ শীঘ্ৰে কেন্দ্রক অৱগত কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। আজি মুখ্যমন্ত্রীৰ সচিবালয়ত ৰহাৰ এইমছ দাবী সমিতিৰ ১৯ জনীয়া প্রতিনিধি দলৰ সৈতে সৌহার্দ্যমূলক পৰিবেশত অনুষ্ঠিত এক গুৰুত্বপূর্ণ আলোচনাৰ অন্তত এই সিদ্ধান্ত সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। অসমত এইমছ স্থাপনৰ স্থানক লৈ শেহতীয়াকৈ আৰম্ভ হোৱা ব্যাপক ধর্মঘট ধর্ণ আন্দোলনৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়া ৰহাত এইমছ স্থাপনৰ দাবীত গণতান্ত্রিক আন্দোলন আৰম্ভ কৰা সংগ্রামী সংগঠনটোৰ সৈতে সংশ্লিষ্ট বৈঠকৰ আয়োজন কৰে।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এটা বিবৃতিত কয়— ৰহাৰ এইমছ দাবী সমিতিৰ নেতাসকলক লগত লৈ ৰাজ্য চৰকাৰে এইমছ স্থাপনৰ স্থানক লৈ এক খচৰা প্রস্তুত কৰিব। সেই খচৰাত এইমছ দাবী সমিতিৰ প্রস্তাৱ সংলগ্ন কৰি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰলৈ এখন পত্র প্রেৰণ কৰা হ’ব। ৰাজ্য চৰকাৰ মধ্য অসমৰ আশা-আকাংক্ষা আৰু আৱেগ-অনুভূতিক লৈ অতিশয় সহৃদয়শীল। চৰকাৰে অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব।
মুখ্যমন্ত্ৰীৰ এনে তত্পৰতাৰ পৰিপ্রেক্ষিততে আজিৰে পৰা আন্দোলনকাৰী বিভিন্ন দল-সংগঠনে মধ্য অসমত গ্রহণ কৰা প্রতিবাদী কাৰ্যসূচীসমূহ স্থগিত কৰা দেখা গৈছে। ইফালে ৰহাৰ এইমছ দাবী সমন্বয়ৰক্ষী সমিতিয়ে কাইলেৰ পৰা পূর্বে ঘোষিত সকলো প্রতিবাদী কাৰ্যসূচী কেন্দ্ৰৰ পৰা উত্তৰ নহাপর্যন্ত স্থগিত ৰখা বুলি জনাইছে। আজিৰ বৈঠকখনত মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব ভি কে পিপাৰচেনিয়াকে ধৰি উচ্চপদস্থ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

facebook
twitter
google+
fb share