নৰেন্দ্ৰ মোডীৰ বহু চৰ্চিত স্বচ্চ ভাৰত অভিযান চলি থকা অৱস্থাত এখন শৌচাগাৰ নিৰ্মানৰ বাবে বিহাৰৰ মহিলাই বন্ধকত থ’ব লগা হ’ল ভাৰতীয় হিন্দু মহিলাৰ আটাইতকৈ আপোন মঙ্গলসূত্ৰ৷ জীৱন্ত স্বামীৰ প্ৰতীক হিচাপে পৰিচিত মঙ্গলসূত্ৰ বন্দকত থৈ শৌচাগাৰ নিৰ্মান কৰিছে বিহাৰৰ ছাছাৰামৰ এগৰাকী দৰিদ্ৰ মহিলাই৷ শেহতীয়াকৈ ঘটনাটো সমগ্ৰ দেশতে চর্চাৰ বিষয় হৈ পৰিছে। বাতৰি অনুসৰি শ্রমিক স্বামীৰ উপার্জন তথা নিজেও এখন প্রাথমিক বিদ্যালয়ত ৰান্ধনী হিচাপে কাম কৰিও উপার্জিত ধনেৰে এটা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাছিল বাৰাখান্না নামৰ গাঁওখনৰ ফুলকুমাৰী নামৰ মহিলাগৰাকীয়ে। ইয়াৰ পাছতেই তেওঁ পৰিয়ালৰ আন সদস্যসকলৰ বিৰোধিতাক অমান্য কৰি বিবাহসূত্রে পোৱা পবিত্ৰ মংগলসূত্র বন্ধকত থৈ শৌচাগাৰটো নির্মাণ কৰাৰ পৰিকল্পনা হাতত লয়। অলপতে এই শৌচাগাৰটাে আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা দণ্ডাধীশ অনিমেষ কুমাৰ পৰাশৰে। ধৰ্মীয় পৰম্পৰা ত্যাগ কৰা মহিলাগৰাকীৰ মতে স্বাস্থ্য ভালে ৰখাৰ বাবে শৌচাগাৰ অতিকৈ প্ৰয়োজনীয় আৰু শৌচাগাৰতকৈ মঙ্গলসূত্ৰ ডাঙৰ নহয়৷
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share