ড'নাল্ড ট্রাম্পৰ বিৰুদ্ধে শতাধিক নাৰীৰ নগ্নহৈ প্ৰতিবাদ

ৱেব ডেস্ক, ১৮ জুলাই, ২০১৬ :
Over 100 Nude Women Pose Against Donald Trump In Cleveland

আমেৰিকাৰ ক্লেভেলেণ্ডত ৰিপাব্লিকান দলৰ ৰাষ্ট্রীয় সমাৱেশ অনুষ্ঠিত হোৱাৰ পূর্বেই দলটোৰ আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী ড'নাল্ড ট্রাম্পৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ আজি শতাধিক নাৰীয়ে নগ্ন হৈ চহৰখনত সমৱেত হয়। ট্রাম্পক এগৰাকী হোৱাইট হাউছৰ বাবে অযোগ্য নেতা বুলি ঘোষণা কৰে এই বিক্ষুব্ধ মহিলাসকলে। এজন ফটোগ্রাফাৰে কলাক ৰাজনীতিৰ সৈতে সংমিশ্ৰণ কৰাৰ আহ্বান জনোৱাৰ উত্তৰ দিবলৈ গৈ তথা টাম্পক হোৱাইট হাউছৰ বাবে অযোগ্য নেতা হিচাপে প্রতিপন্ন কৰিবলৈ এইদৰে মহিলাসকলে নগ্ন হৈ প্রতিবাদ সাব্যস্ত কৰা ঘটনাই জোকাৰণি তুলিছে দেশখনৰ ৰাজনীতিত। নিউয়ৰ্কৰ ধন কুবেৰ ট্রাম্পক ৰি দলৰ এই ৰাষ্ট্রীয় সমাৱেশত আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ দলীয় প্রার্থী হিচাপে ঘোষণা কৰাটো নিশ্চিত হৈ পৰাৰ পাছতেই ক্ষুব্ধ মহিলাসকলে এইদৰে প্রতিবাদ সাব্যস্ত কৰিছে।


READ : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে ট্রাম্পে আইছিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment