এনআৰচিক লৈ উত্তাল বিধানসভা



গুৱাহাটী, ১৮ জুলাই, ২০১৬ :
সদনৰ প্রশ্নোত্তৰ কালত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে এন আৰ চিত আবেদন কৰাৰ সময়ত দাখিল কৰা লিগেচী ডাটা বিদেশী ন্যায়াধীকৰণে কিয় নথি হিচাপে গ্রহণ নকৰে বুলি প্রশ্ন কৰাৰ লগতে লিগেচী ডাটাৰ আধাৰত বিদেশীৰ গোচৰ নিম্পত্তি কৰাৰ দাবী জনায়। এই সন্দৰ্ভত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে লিগেচী ডাটা পুনৰীক্ষণ অবিহনে কেতিয়াও নথি হিচাপে গ্রহণ কৰা নাযায় বুলি স্পষ্ট কৰি দিয়ে যদিও তেওঁ বিষয়টোক লৈ সন্তুষ্ট হোৱা দেখা নগ’ল। বৰং বিধায়ক আহমেদে মন্ত্ৰীয়ে সদনত ছিৰিয়াছলী উত্তৰ দিয়া নাই বুলিহে অসন্তুষ্টি ব্যক্ত কৰে। মন কৰিবলগীয়া এয়ে যে সেই সময়ত সদনত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন, অজস্তা নেওগ আদি উপস্থিত আছিল।

এন আৰ চিক লৈ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, কমলসিং নার্জাৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিয়ে বিভিন্ন প্রশ্ন কৰি এক নির্দিষ্ট সময়সীমাৰ ভিতৰত এন আৰ চি প্রস্তুত সম্পূর্ণ কৰাৰ দাবী জনায়। প্রয়োজনত অধিকসংখ্যক কর্মচাৰী নিয়োগৰ দাবী কৰে। ইয়াৰ উত্তৰত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে এন আৰ চিত নাম অন্তভুক্তিৰ বাবে ৬৮.৮ লাখ পৰিয়ালে আবেদন কৰিছে। আবেদনকাৰীসকলে ৬.৬৩ কোটি নথি দাখিল কৰিছে। সেই নথিসমূহ পৰীক্ষা কৰোতে স্বাভাৱিকতে যথেষ্ট সময়ৰ প্রয়োজন হয়। এতিয়ালৈ ৯৬ শতাংশ নথি পৰীক্ষাৰ কাম সম্পূর্ণ হৈছে। ২.৫১ লাখ নথি পৰীক্ষণৰ বাবে বিভিন্ন ৰাজ্যলৈ পঠিওৱা হৈছে। চৰকাৰে শীঘ্ৰে এখন শুদ্ধ এন আৰ চি প্রকাশৰ বাবে তীব্ৰগতিত কাম কৰি আছে। এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়াত বিভিন্ন চৰকাৰী বিভাগৰ ৩০,২০২জন কর্মচাৰী নিয়োজিত কৰাৰ বিপৰীতে ঠিকাভিত্তিক ১,২০৫জন কর্মচাৰী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি আউট ছ'চিঙৰ পৰা ৯,০০০ পৰা ৯,৫০০ ব্যক্তি নিয়োজিত কৰা হৈছে৷ আনহাতে, এন আৰ চি প্রস্তুতিৰ কামত শিক্ষক-শিক্ষয়িত্ৰী নিয়োগৰ ফলত বহু শিক্ষানুষ্ঠানত শিক্ষাদান ব্যাহত হোৱা বুলি বিধায়ক কমলসিং নার্জাৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিয়ে উল্লেখ কৰি শিক্ষকসকলক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ উত্তৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এন আৰ চি উন্নীতকৰণ বর্তমানৰ চৰকাৰৰ অগ্রাধিকাৰৰ এজেণ্ডা। সেয়ে এই কামত চৰকাৰী বিষয়া-কর্মচাৰী নিয়োগত অগ্রাধিকাৰ দিবই লাগিব। সেইদৰে শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জাতিটোৰ কাৰণে এন আৰ চি যিহেতু অগ্রাধিকাৰৰ বিষয়, সেয়ে ইতিমধ্যে এন আৰ চিৰ কামত নিয়োজিত শিক্ষক-কর্মচাৰীসকল আঁতৰি অহাৰ প্রশ্নই নুঠে। শিক্ষকসকলে এন আৰ চিৰ কামো কৰিব আৰু বিদ্যালয়ত পাঠদানো কৰিব। পাঠদান ব্যাহত নহয়, শিক্ষকসকলে দুগুণ কষ্ট কৰিব।
'READ : তৈলক্ষেত্র নিলামক লৈ উত্তাল বিধানসভা'

READ :  ৰাজ্যৰ পৰিস্থিতি সদনত আলোচনা হোৱাটো বিচাৰিছিলোঃ দেৱব্ৰত শইকীয়া

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment