ৱেব ডেস্ক, ১৯ জুলাই, ২০১৬ :

ৰহাৰ এইমছ আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হোৱা ৰহাৰ থোকোলাগাঁৱৰ মিন্টু দেউৰীৰ পত্নী ৰিজুমণি পাতৰক ১৮ জুলাইত ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ নিযুক্তিপত্র প্রদান কৰাৰ পিচত ১৯ জুলাইত ৰিজুমণিয়ে চাকৰিত যোগদান কৰে।
ৰহা ৰাজহ চক্র বিষয়া কার্যালয়ত চতুর্থ শ্ৰেণীৰ পদত নিযুক্তি লাভ কৰা পাতৰে ৰাজহ চক্র কার্যালয়ত উপস্থিতত হৈ আনুষ্ঠানিকভাৱে চাকৰিত যোগদান কৰে।


ৰহা ৰাজহ চক্র বিষয়া পল্লৱী কছাৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে ৰহাৰ গণ্য-মান্য ব্যক্তিয়ে ৰিজুমণি পাতৰক নতুন চাকৰিত যোগদান কৰাৰ বাবে আদৰণি জনায়।
শ্রমিক হিচাপে কাম কৰি অতি কষ্টৰে জীৱন নির্বাহ কৰি থকা মিণ্টুৰ এনে অভাৱনীয় মৃত্যুৰ পিচত পৰিয়ালটোলৈ নামি অহা ভয়াৱহ দুর্যোগৰ সময়তে চৰকাৰে তাত্ক্ষণিকভাৱে ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা আৰু পত্নী ৰিজুমণিক চাকৰিত মকৰল কৰাত মিণ্টুৰ পৰিয়াললৈ দুখৰ কলীয়া ডাৱৰৰ মাজতো কিছু আশাৰ পোহৰ জলিকিছে।
facebook
twitter
google+
fb share