APSC নির্ধাৰিত সময়ত ছুপ্রিম কর্টত শপতনামা দাখিলত ব্যর্থ ৰাজ্য চৰকাৰ

গুৱাহাটী, ৪ জুলাইঃ
অসম লোকসেৱা আয়োগৰ বিভিন্ন অনিয়ম লগতে লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ (#Rakesh_Paul) বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ সন্দৰ্ভত সময়মতে শপতনামা দাখিল কৰাৰ কথা আছিল যদিও আদালতত শপতনামা দাখিল কৰাত ব্যর্থ হ’ল ৰাজ্য চৰকাৰখন। আশ্চৰ্যকৰভাৱে আজি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল নকৰি ৰাজ্য চৰকাৰে আদালতৰ পৰা বিচাৰিলে তিনি সপ্তাহৰ অতিৰিক্ত সময়। ফলত ৰাজ্য চৰকাৰৰ এনে স্থিতিৰ বাবেই অযথা বিলম্বিত হৈ পৰিল এই গুৰুত্বপূর্ণ গোচৰকেইটাৰ ন্যায়িক প্রক্রিয়া। নিয়মমতে আজি যদি ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত প্রয়োজনীয় শপতনামা দাখিল কৰিলেহেতেন, তেনেহ’লে এই সম্পৰ্কীয় সমগ্র গোচৰ আজিয়েই উচ্চতম ন্যায়ালয়ৰ খণ্ড আদালতলৈ গ’লহেতেন। এই গোচৰ সমূহত পক্ষ্য হিটাপে থকা কৃষক নেতা অখিল গগৈ, আৰ টি আই কর্মী ওক্রাম প্রশান্ত সিঙকে ধৰি আন কেইবাজনেও ইতিমধ্যে উচ্চতম ন্যায়ালয়ত প্রতিপক্ষমূলক শপতনামা দাখিল কৰিছে। তথাপি কেৱল ৰাজ্য চৰকাৰে শপতনামা দাখিল নকৰাৰ বাবেই গোটেই প্রক্রিয়াটো পিচুৱাই গ’ল অহা আঠ ছেপ্টেম্বৰলৈ। গতিকে ৰাজ্য চৰকাৰৰ এনে ভূমিকাক লৈ এই মুহুর্তত বিভিন্ন মহলত উত্থাপিত হৈছে বহু প্রশ্ন। যি সময়ত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে বিভিন্ন দুর্নীতি-অনিয়মৰ অভিযোগ তুলি সর্বসাধাৰণ ৰাইজকে ধৰি বিভিন্ন দল-সংগঠন সৰৱ হৈ পৰিছে, সেই সময়ত অসম চৰকাৰে বিক্ষুব্ধ জনগণক আশ্বস্ত কৰি উচ্চতম ন্যায়ালয়ত এখন তথ্যসমৃদ্ধ, শক্তিশালী শপতনামা দাখিল কৰাৰ থল আছিল। কিন্তু তাৰ পৰিবর্তে ৰাজ্য চৰকাৰে সময়মতে আদালতত শপতনামা দাখিল নকৰি এক হোহকা-পিছলা স্থিতি প্রদর্শন কৰাত হতবাক, ক্ষুব্ধ হৈ পৰিছে সচেতন মহল। আনহাতে ৰাজ্য চৰকাৰৰ এনে ভূমিকা প্রত্যক্ষ কৰি তীব্র ক্ষোভ, অসন্তুষ্টি ব্যক্ত কৰিছে এই গোচৰৰ অন্যতম পক্ষ্য কৃষক নেতা অখিল গগৈয়ে।
অসম চৰকাৰলৈ (#Assam_Govt) অভিযোগৰ আঙুলি টোৱাই অখিল গগৈয়ে (#Akhil_Gogoi) আজি স্পষ্টভাৱে কয়— ‘অসম চৰকাৰে যে চৰম অৱহেলাৰে আদালতৰ মজিয়াত থকা সমগ্র বিষয়টো গুৰুত্বহীন কৰি তুলি দুনীতি সম্রাট ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে সেয়া দেখদেখকৈ ওলাই পৰিছে। কিয়নো অসম চৰকাৰে আজি শপতনামা দাখিল নকৰাৰ বাবেই গোচৰটো পিচুৱাই গ’ল। ৰাজ্য চৰকাৰৰ এনে ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰা অখিল গগৈয়ে লগতে ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই (#CBI) তদন্তৰ দাবী উত্থাপন কৰি শপতনামা দাখিল কৰিবলৈকো ৰাজ্য চৰকাৰক দাবী জনাইছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment