গুৱাহাটী, ৪ জুলাই,

লণ্ডনৰ পৃথিবী বিখ্যাত ব্ৰিটিছ মিউজিয়াম তেওঁলোকে সংৰক্ষিত কৰি ৰখা বৃন্দাবনী বস্ত্ৰ আৰু তেওঁলোকে আয়োজিত কৰি অসম #Exhibitionত প্রথম অসমীয়া শিল্পী হিচাপে ড° মেনকা পি পি বৰাই এলানি সত্ৰীয়া নৃত্য প্রদর্শন আৰু বক্তৃতা প্রদান কৰে। উল্লেখ্য যে যোৱা ১৫ বছৰে ব্রিটেইনত থাকি আমেৰিকা, ইউৰোপ, অষ্ট্রেলিয়া, নিউজিলেণ্ড আদি দেশৰ উপৰি ব্রিটেইনৰ বিখ্যাত বহু অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিক #Global_Art_Form হিচাপে প্রদর্শন আৰু প্ৰচাৰ কৰি আহিছে। ব্রিটেইনৰ বিখ্যাত এনে অনুষ্ঠানৰ ভিতৰত আছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, এডিনবার্গ মহোৎসৱ, ব্ৰিটিছ সংগ্রহালয়, এছিয়া হাউছ, বি বি চি টেলিভিছন আদি।
facebook
twitter
google+
fb share