গোৱৰ্ধনাত MGNREGA, IAY দুনীতিঃ তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰে ঘোচখুৰ বিভাগীয় অফিচাৰে


বৰপেটাৰোড, ৪ জুলাইঃ
সাৱধান, আপুনি তথ্যজনাৰ অধিকাৰ আইনৰ সহায় লৈছে নেকি! আপোনাৰ প্ৰাণৰ প্রতি ভাবুকি আহিব পাৰে অথবা ধনদাবীৰ মিছা গোচৰৰ অভিযুক্ত হৈ ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিব লগা হ’ব পাৰে – এনে এক জঘন্য ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ গোৱৰ্ধনা উন্নয়ন খণ্ডৰ ঢেকীয়াজানি ভিচিডিচিৰ কয়েমাৰী গাওঁত। তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ সহায়ত দুৰ্নীতিগ্রস্থ বিষয়া-কর্মচাৰী আৰু ৰাজনৈতিক পালি নেতাৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অনাৰ বাবেই দিন-দুপৰতে তদন্ত চলি থকা অৱস্থাত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সঞ্চালকৰ সন্মুখতে যোৱা ২ জুন তাৰিখে আক্রমণৰ বলি হ’ল বাক্সা জিলা আমছুৰ কোষাদক্ষ আব্দুল হাই তালুকদাৰ। ঘটনাৰ বিবৰণি মতে গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ অধিনস্থ বাক্সা জিলাৰ অন্তর্গত ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ঢেকীয়াজানি ভিচিডিচিৰ কয়েমাৰী গাঁৱৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱন্ট আৰু এমজিএনৰেগা আঁচনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত হিতাধিকাৰীৰ পৰা নগদ ধন সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি একেটা আইডিৰ জৰিয়তে দুইবাৰ গৃহ আৱণ্টন কৰা, জালিয়াতিৰে প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰা, মৃত ব্যক্তিৰ নামত গৃহ আৱণ্টন কৰা দেখুৱাই সমুদায় ধন আত্মসাত্ কৰা, একেটা পথৰ নামত পৃথকে পৃথকে ধন মোকলাই অনা আৰু জৱকাৰ্ডৰ শ্রমিকৰ সলনি ট্রেক্টৰেৰে এমজিএনৰেগাৰ আনিৰ কাম কৰাৰ লগতে জৱকার্ড জালিয়াতি কৰালৈকে অতি সহজ আৰু নিষ্কন্টক হৈ পৰাৰ সমান্তৰালকৈ মছজিদ আৰু মোক্তৱৰ নামতো আৱন্টিত ধন জালিয়াতিৰ সহায়ত আত্মহত্ কৰাৰ তথ্য ছাত্র নেতাজনে তথ্য জনাৰ অধিকাৰ আইন-২০০৫ৰ জৰিয়তে ফাদিল কৰি উক্ত দুনীতিৰ উচিত তদন্ত বিচাৰি বিভাগলৈ স্মাৰকপত্র প্রদান কৰিছিল। সেইমৰ্মে উক্ত দিনাখন তদন্ত কৰিবলৈ বিভাগীয় তদন্তকাৰী দল এটাই উক্ত কয়েমাৰী গাওঁলৈ আহিছিল। তদন্ত চলি থকা অৱস্থাত আগৰে পৰা খাপপিটি থকা দুনীতিৰ অভিযোগত অভিযুক্ত তথা ঢেকীয়াজানি ভিটিডিচিৰ প্রাক্তন অধ্যক্ষ আকতাৰ হুছেইন তালুকদাৰ আৰু তেওঁৰ একাংশ সমর্থকে তদন্তকাৰী বিষয়াসকলৰ সন্মুখতেই আমছু নেতাজনক আক্রমণ কৰি হত্যাৰ চেষ্টা চলায়। তেনে সময়তে একাংশ স্থানীয় মহিলাই তেওঁক উদ্ধাৰ কৰি আতৰাই পঠায় যদিও তেওঁক যিকোনো মুহুৰ্তত প্রাণে মৰাৰ ভাবুকি প্রদান কৰে আক্রমণকাৰীসকলে। আনকি ছাত্র নেতাজনে তেওঁলোকৰ পৰা ধনদাবী কৰিছিল বুলিও অপপ্রচাৰ চলাই এক ভুৱা গোচৰ জাপি দিয়াৰ চেষ্টা অব্যাহত ৰখাৰ লগতে শালবাৰী থানাত এখন এজাহাৰ দাখিল কৰি আমছুক জনমানসত হেয় প্রতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি আজি সাংবাদিকক জানিবলৈ দিছে ছাত্র নেতাজনে। দুনীতিৰ লগত জৰিত গোৱধনা খণ্ড উন্নয়ন বিষয়া মোজাম্মেল হুছেইনৰ প্ৰৰোচনাত ছাত্র নেতাজনক আকতাৰ হুছেইন তালুকদাৰৰ নেতৃত্বত অহা গুণ্ডাবাহিনীটোৱে আক্রমণ কৰি প্ৰাণেমৰাৰ চেষ্টা চলাইছিল বুলি সাংবাদিকক জানিবলৈ দিয়ে। ইফালে যোৱা দিনকেইটাত কেইবালানি তদন্ত কৰি তথ্য সংগ্ৰহ কৰা বিভাগীয় কতৃপক্ষই অহা এসপ্তাহৰ ভিতৰত উক্ত তদন্তৰ প্রতিবেদন দাখিল কৰিব বুলি তদন্তকাৰী বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে বিগত প্রায় তিনি বছৰৰ পৰা উক্ত ভিচিডিচিত দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পৰাই তদন্ত অব্যাহত আছে যদিও যোৱা তিনিটা বছৰে বিভাগে তদন্তৰ এখনো প্রতিবেদন ৰাজহুৱা কৰা নাই। এইবেলিও এমাহ পাৰ হোৱাৰ পিছতো তদন্তৰ প্রতিবেদন প্রকাশ নাপালে, এতিয়া প্ৰশ্ন হয় এই প্ৰতিবেদন প্ৰকাশ পাব নে নাই ?

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment