পবিত্ৰ ঈদ উপলক্ষে হেল্প লাইন ফাউনডেচনৰ খাদ্য সামগ্ৰী বিতৰণ

খাদ্য সামগ্ৰী বিতৰণ কৰা কেইটিমান মুহূৰ্ত
কলগাছিয়া, ৪জুলাইঃ 
কলগাছিয়াৰ অন্যতম বেচৰকাৰী সমাজসেৱী সংগঠন হেল্প লাইন ফাউনডেচনৰ উদ্যোগত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উপলক্ষে আজি বৰপেটা জিলাৰ কলগাছিয়া মহকুমাৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী, সূতিৰপাথাৰ, কাচুকাটী, বলাইপাথাৰ, সোণাপুৰ আদি অঞ্চলৰ প্ৰায় দুইশতাধিক পৰিয়ালত ঈদৰ বিশেষ খাদ্য সামগ্ৰী বিতৰণ কৰে৷ উক্ত সামগ্ৰী বিতৰণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সচেতক প্ৰৱন্ধকাৰ তথা নৱজ্যোতি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হানিফ মোস্তাক আহমেদ আৰু বিশিষ্ট গৱেষক তথা শিৱসাগৰস্থিত স্বহীদ পিয়লী ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা শ্বাহিউজ জামান আহমেদ৷ প্ৰতিটো পৰিয়াললৈ ঈদৰ খাদ্য হিচাপে গাখীৰ, চেনী, স্বেৱাই আৰু আন আন কিছু সামগ্ৰীৰে সু-সজ্জিত একোটাকৈ টোপোলা বিতৰণ কৰা হয়৷ বিতৰণ অনুষ্ঠানৰ অন্তত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে হেল্প লাইন ফাউনডেচনৰ সভাপতি শ্বাফিউল হাচানে৷ ভাষন প্ৰসংগত অধ্যাপক হানিফ মোস্তাক আহমেদ আৰু অধ্যাপক ডা শ্বাহিউজ জামান আহমেদে হেল্প লাইন ফাউনডেচনৰ এই পদক্ষেপক সলাগ লোৱাৰ লগতে হেল্প লাইন ফাউনডেচনৰ সভাপতি সমন্বতি সকলোকে ধন্যবাদ জনায় আৰু সকলোকে আমাৰ চাৰিওফালে থকা দুখীয়া ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াই দৰিদ্ৰতা নিৰ্মূলৰ বাবে সহযোগিতা কৰিবলৈ আহবান জনায়৷ সভাপতি শ্বাফিউল হাচানে তেওঁৰ ভাষনত সমগ্ৰ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনায়৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment