৫ জুলাই, বাক্সাঃ
প্ৰেমে নামানে কোনো বাধা বিঘিনি, নামানে কোনো প্ৰাচীৰ৷ প্ৰেমৰ বাবে হাজাৰ মাইল খোজ কাঢ়িব পাৰে, প্ৰেমৰ বাবে আপোনজনকো এৰিব পাৰে, প্ৰেমৰ বাবেই সাঁতুৰিব পাৰে সাত সাগৰ তেৰ নদী৷
![]() |
প্ৰেমিকক বিচাৰি হাবাথুৰি প্ৰেমিকাৰ, ফটো- শিবেন ডেকা, আনন্দ বজাৰ- বাক্সা |
এতিয়া পাৰৰ পাখিত গাথি দিবলৈ চিঠি লিখাৰ দিন নাই৷ এতিয়া #Facebook, #Twitter অথবা #WhatsAap ত পলকতেই লগ পাব পাৰি প্ৰেমিক-প্ৰেমিকাক৷ তেনেকৈ বহিঃ ৰাষ্ট্ৰৰ বহু প্ৰেমিকা অসমলৈ আহি বিবাহপাশতো আবদ্ধ হৈছে৷ কিন্তু ৱাটচএপ ব্যৱহাৰ নকৰা মাথো মোবাইলত কোমল মাত শুনি প্ৰেমৰ সাগৰত সাবু-ডুবু খোৱা প্ৰেমিক-প্ৰেমিকাৰ কথাই বেলেগ৷ গভীৰ নিশা কাণত মোবাইল লৈ যেন নিজৰ কাষতেই আৱিষ্কাৰ কৰে প্ৰেমিক অথবা প্ৰেমিকাক৷
মোবাইলত প্ৰেম কৰি তেনে এক প্ৰেমিকা প্ৰতাৰিত হ’ল প্ৰেমিকৰ দ্বাৰা৷ কালি সন্ধিয়া বাক্সাৰ আনন্দ বজাৰত প্ৰেমিকক বিচাৰি উপস্থিত হ’ল গোৱালপাৰা দুধনৈৰ #প্ৰেমিকা। জিলাখনৰ শালবাৰী আৰক্ষী থানাৰ অধীনস্থ ৰৌমাৰীৰ সঞ্জয় দাস নামৰ প্ৰেমিকজনক বিচাৰি আনন্দ বজাৰ হাটখোলাত উপস্থিত হোৱা 'ৰাভা' উপাধিৰ প্ৰেমিকাজনী অৱশেষত অতিথি হ'ল আৰক্ষীৰ। মোবাইলত মিঠা মিঠা কথাৰে বুকু চেঁচা কৰা প্ৰেমিকে এতিয়া আহি তাইৰ চকুলো মচিব বুলি তাই বিশ্বাস কৰে৷
facebook
twitter
google+
fb share