অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিঃ দৰ্পচূৰ্ণ ঈদৰ আনন্দ


ছৈয়দ বুলবুল জামানুৰ হকঃ
পৱিত্র ঈদ-উল-ফিতৰলৈ মাজত মাত্র এটা দিন বাকী। ইছলাম ধর্মাৱলম্বী লোকসকলৰ এই পৱিত্ৰ ৰমজান মাহটােত দিনটােৰ সূর্যোদয়ৰ পূর্বে চেহৰী কৰি দিনটাে অনাহাৰে থাকি সন্ধিয়া সূর্যাস্তৰৰ সময়ত ইফতাৰ কৰি সম্পূর্ণ এটা মাহ কঠোৰ ব্ৰত পালন কৰাৰ অন্তত পালন কৰে অতি আনন্দৰ উত্সৱ ঈদ-উল-ফিতৰ ()। এই পৱিত্র ঈদ-উল-ফিতৰ উপলক্ষে সম্প্রতি বজাৰ-সমাৰসমূহ ব্যপক ভিৰ পৰিলক্ষিত হৈছে যদিও অত্যাৱশ্যকীয় সামগ্ৰীৰ আকশলংঘা মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক কেৱল অতিষ্ঠ কৰাই নহয়, ঈদৰ সময়ছোৱাত আপোনজন নাইবা প্রিয়জনৰ সৈতে আনন্দৰ সমভাগী হোৱাৰ পৰাও বঞ্চিত হৈছে। নিজৰ পৰিয়ালক আপোনজন নাইবা প্রিয়জনক উত্সাহিত কৰাৰ বাবে কিবা এটা আনিবলৈ বজাৰ কৰিবলৈ গৈ বজাৰ-সমাৰ ভিৰ কৰিছে ঠিকেই কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকশলংঘ মূল্যবৃদ্ধিৰ ফলত মনত কেৱল দুখ আৰু যন্ত্রনা লৈ তথা আনন্দৰ বিপৰীতে বেজাৰ মনেৰে উচুপি উচুপি খালী হাতেই পুনৰ ঘৰমুৱা হৈছে। বঞ্চিত হৈছে পৰিয়ালক, আপোনজন নাইবা প্রিয়জনক উত্সাহিত কৰাৰ পৰা। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকশলংঘ মূল্যবৃদ্ধিয়ে সংকটত পেলাইছে নিম্ন আৰু মধ্যবিত্ত শ্রেণীৰ লোকক। 
অৱশ্যে ইয়াৰ পৰাও উচ্চ বিত্ত শ্রেণীৰ লোকেও হাত সাৰিব পৰা নাই। বগিত কেইবাটাও বছৰ ধৰি ধাৰাবাহিকভাৱে ৰাজ্যখনত স্থানীয় শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফল-মূল, চাউল, দাইল, তেল, নিমখ, আদি কৰি সকলো ধৰণৰ খাদ্যসামগ্ৰীৰ লগতে পেট্রল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ আদিৰো মূল্য ইমানেই বৃদ্ধি পাইছে যে এই সামগ্ৰীবোৰ ক্রয় কৰাটাে অসমবাসীৰ বাবে কঠিন হৈ পৰিছে। যোৱা বছৰ পৱিত্ৰ ৰমজান মাহৰ পৰা আৰম্ভ কৰি এইবাৰৰ ৰমজান মাহলৈকে ৰাজ্যখনৰ আন আন প্রান্তৰ লগতে বৰপেটা, বাক্সা আজি জিলাতো এক তুলনামূল সমীক্ষাৰ পৰা জনা যায় যে বিগত এবছৰত চাউল, আটাৰ মূল্য গড়ে বৃদ্ধি পাইছে ১০ শতাংশতকৈ অধিক। তৈল সামগ্ৰীৰ মূল্য ১৫ শতাংশতকৈ অধিক, ময়দা, চিৰা আদিৰ মূল্য ১২ শতাংশতকৈ অধিক, ফলমূলৰ মূল্য ২০ শতাংশতকৈ অধিক, আলু-পিয়াজৰ মূল্য ২০ শতাংশতকৈ অধিক মূল্য বৃদ্ধি পাইছে। 
ইয়াৰোপৰি গাখীৰ, শাক-পাচলি আদিৰ দৰে সামগ্ৰীৰ মূল্য বিশেষকৈ গাওঁ অঞ্চলৰ বজাৰবোৰত চাহিদা আৰু আমদানিৰ ওপৰত নিৰ্ভৰ কৰে যদিও যি সময়ত প্রতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশ চুইছেগৈ তেনেস্থলত গাখীৰ, শাক-পাচলি আদিৰ মূল্যও নবঢ়াকৈ থাকে কেনেকৈ ? গ্ৰাহকৰ পৰা পোৱ শেহতীয়া তথ্যানুসৰি গাখীৰৰ মূল্য প্রতি লিটাৰত ৩০-৪০ৰ পৰা ৮০-১০০ টকা লৈকে আৰু ঠাইবিশেষে ১৫০ টকাতকৈ অধিক হোৱা বুলিও জানিব পৰা গৈছে। ঠিক একেদৰে মাছ-মাংসৰ মূল্য ২০-২৫ শতাংশতকৈ অধিক মূল্য বৃদ্ধি পোৱাৰ লগতে কাপোৰ-কানি, জোতা-চেণ্ডেল, মহিলাসকলৰ সাজোন-কাজোনৰ বিশেষ সামগ্ৰীসমূহৰো ৩০-৫০ শতাংশতকৈ অধিক মূল্য বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে, ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাই অহা এনে আকাশলংঘ মূল্যবৃদ্ধিয়ে কেৱল ইছলাম ধর্মাৱলম্বী লোকসকলকেই নহয় সমগ্ৰ ৰাজ্যবাসীৰ মাজত তীব্ৰ হাহকাৰৰ সৃষ্টি হৈছে। ৰাজ্যখনত এনেদৰে ক্রমাগতভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা সত্বেও কুম্ভ-কর্ণ নিদ্ৰাত থাকি ৰাজ্যখনৰ খাদ্য আৰু যোগান বিভাগে নীৰৱ ভূমিকা পালন কৰি আছে। উল্লেখ্য যে ১৯৫৬ চনত অত্যাৱশ্যকীয় সামগ্ৰী আৰু কলা বজাৰ প্রতিৰোধৰ নামৰ আইন থকা সত্বেও চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত নোলোৱাৰ বাবেই ৰাজ্যখনত ক্রমাগতভাৱে এনেদৰে মূল্যবৃদ্ধিয়ে আকাশ চুবলৈ সক্ষম হৈছে বুলি বিভিন্ন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment