৪ জুলাই,
পুনৰ হালৰ মুঠিত ধৰিলে আপোচহীন সংগ্ৰামী কৃষক নেতা অখিল গগৈয়ে৷ কাজিৰঙাত ৪০ বিঘা আৰু নগাঁৱত ৫০ বিঘা কৃষি ভূমিত এইবেলি ধান খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষক নেতা গৰাকীয়ে৷ অসমৰ পৰা হেৰাই যাব ধৰা ২২০ বিধ বিৰল প্ৰজাতিৰ ধানৰ কঠিয়া ৰোৱা কাৰ্যসূচীৰ কালি কাজিৰঙাত শুভাৰম্ভ কৰে কৃষক নেতাজনে। উপদেশতকৈ আৰ্হি ভাল কথাষাৰৰ বাস্তৱতা প্ৰতিপন্ন কৰি কৃষক নেতাজনে নিজেই হাল বোৱাত ব্যস্ত হৈ পৰে পথাৰত৷ উল্লেখ্য যে বিগত বছৰতো কৃষক নেতাজনে পথাৰত হাল মাৰি ধান খেতি কৰিছিল৷ অৱশ্যে যোৱা বোলি কৃষক নেতাজনৰ কাষত এগৰাকী ফটো সাংবাদিকক দোখা যোৱা বাবে কিছু অলাগতিয়াল বিতৰ্কৰ সৃষ্টিও হৈছিল ছছিয়েল মেডিয়াত৷

facebook
twitter
google+
fb share