নতুন দিল্লী, জুলাইঃ
বাংলাদেশত এখন ৰেস্তোৰাঁত সন্ত্রাসবাদীয়ে কৰা আক্রমণটোৰ পাছত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ সতর্ক হৈ আছে যদিও এটা বাতৰিয়ে তেওঁলোকক চিন্তিত কৰি তুলিছে৷ পেৰিছত যোৱা বছৰ আইছিছে কৰা আক্রমণৰ পাছত গ্রেপ্তাৰ কৰা এটা ফৰাছী সন্ত্রাসবাদীয়ে এই বুলি স্বীকাৰোক্তি দিছে যে ভাৰতত আক্রমণৰ বাবে সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতীয়ক আত্মঘাতী বোমাৰুৰ প্রশিক্ষণ দি আছে৷ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এই বুলি আশংকা প্রকাশ কৰিছে যে বাংলাদেশৰ সন্ত্রাসবাদী সংগঠন জামাতুল মুজাহিদীনৰ (জে এম বি) সহযোগত আইছিছে অসম আৰু পশ্চিম বংগত আক্রমণ কৰিব পাৰে৷ পেৰিছ আক্রমণৰ পাছত ৰেডা হেম নামৰ এটা ফৰাছী সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰা হৈছিল৷ সন্ত্রাসবাদীটোক কৰা জেৰাত এই বুলি স্বীকাৰ কৰিছিল যে সি ছিৰিয়াত সন্ত্রাসবাদৰ প্রশিক্ষণ লৈছিল৷ হেমৰ মতে, প্রশিক্ষণৰ সময়ত সি প্রায় ১০০টা বিদেশী সন্ত্রাসবাদীকো দেখা পাইছিল৷ ইয়াৰ ভিতৰত ভাৰতীয়ও আছিল৷ উক্ত সন্ত্রাসবাদীকেইটাক নিজৰ দেশলৈ উভতি গৈ আত্মঘাতী আক্রমণ কৰা প্রশিক্ষণ দিয়া হৈছিল৷ হেমৰ মতে, আইছিছে বিদেশ শাখাও গঠন কৰিছে৷ ইয়াৰ মুৰববী হ’ল আইছিছৰ মুৰববী আবু বকৰ আল-বাগদাদীৰ মুখপাত্র মহম্মদ আল আদনানি৷ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ মতে, ছিৰিয়াত আইছিছত প্রায় ২৫টা ভাৰতীয় সন্ত্রাসবাদী আছিল৷ ইয়াৰে ছটাৰ ইতিমধ্যে মৃত্যু হৈছে৷ ইয়াৰ উপৰি প্রায় ৫০০জন ভাৰতীয়ই আইছিছৰ সৈতে সম্পর্ক ৰক্ষা কৰি থকা বুলি জানিব পৰা গৈছে৷ অৱশ্যে হেমে দিয়া স্বীকাৰোক্তিৰ পৰা আইছিছত অধিক ভাৰতীয় থকা বুলি অনুমান কৰা হৈছে৷ ইফালে সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি বাংলাদেশী সন্ত্রাসবাদী সংগঠন জে এম বিয়ে আইছিছৰ সমর্থনত অসম আৰু পশ্চিম বংগত আক্রমণ কৰিব পাৰে৷ উক্ত বাতৰিটোত আৰু প্রকাশ পোৱা মতে, ৰুৰকী আৰু হায়দৰাবাদত গ্রেপ্তাৰ কৰা আইছিছৰ সন্দেহজনক সন্ত্রাসবাদীয়ে দিয়া স্বীকাৰোক্তিৰ পৰাও ভাৰত তথা অসমৰ প্রতি সন্ত্রাসবাদী সংগঠনটোৰ ভাবুকি বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে৷ জে এম বিক ছিমিৰ একাংশ সদস্যয়ো সহযোগ কৰা বুলি জানিব পৰা গৈছে৷ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাটো হ’ল জে এম বিক লৈ৷ বাংলাদেশী সন্ত্রাসবাদী সংগঠনটোৱে সহজে সীমান্ত পাৰ হৈ বাংলাদেশ সীমান্তৰ পশ্চিম বংগ আৰু অসমত সহজে আক্রমণ কৰিব পাৰে৷ ইফালে আইছিছৰ বাংলাদেশ শাখাৰ মুৰববী শ্বেখ আবু ইব্রাহিম আল হানিফে এই বুলি প্রকাশ কৰিছে যে সন্ত্রাসবাদী সংগঠনটোৱে পাকিস্তান আৰু বাংলাদেশত থকা ঘাটিৰ পৰা ভাৰতত গেৰিলা আক্রমণৰ ষড়যন্ত্র কৰিছে৷ আইছিছে নিজৰ ঘাটি স্থাপনৰ বাবে পাকিস্তান আৰু বাংলাদেশক আটাইতকৈ নিৰাপদ স্থান ৰূপে গণ্য কৰিছে৷ সন্ত্রাসবাদীটোৱে প্রকাশ কৰা অনুসৰি দুয়োখন দেশৰ পৰা পূব আৰু পশ্চিম সীমান্তইদি ভাৰতত প্রৱেশ কৰিবলৈ বিশেষ অসুবিধা নহ’ব৷ সন্ত্রাসবাদীটোৱে ভাৰত আৰু বাংলাদেশত মুছলমানসকলক জেহাদৰ বাবে আগবাঢ়ি আহিবলৈ আহবান জনাইছে৷ গেৰিলা আক্রমণৰ জৰিয়তে ভাৰতত ত্রাসৰ সৃষ্টি কৰিব পৰা যাব বুলি প্রকাশ কৰি আবু ইব্রাহিমে কয় যে বাংলাদেশ আৰু ভাৰতৰ হিন্দুসকলে ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰি আছে৷
facebook
twitter
google+
fb share