ক্ষমতালৈ অহাৰ ২ বছৰ পিছত পোন প্ৰথমবাৰৰ বাবে মোডী মন্ত্ৰীসভাৰ ৰদবদল, ১৯ জনকৈ নতুন মুখ

নতুন দিল্লী, ৩ জুলাইঃ
ক্ষমতালৈ অহাৰ ২ বছৰৰ অন্তত মোডী মন্ত্ৰীসভাৰ ৰদবদল কৰিবলৈ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ কাৰ দপ্তৰ সলনি হ’ল, কাৰ দায়িত্ব বাড়িল, কোন হ’ল নতুন মন্ত্ৰী, কাৰ মন্ত্ৰীত্ব কৰ্তন হ’ল—মঙ্গলবাৰ দিনৰ ১১ বজাত সমগ্ৰ বাতৰি প্ৰকাশ হৈ যাব৷ পিছে মোডী মন্ত্ৰীসভাৰ অনুষ্ঠানিক ঘোষনা হোৱাৰ আগতেই বিশেষ সূত্ৰৰ পোৱা তথ্যমতে, মোডী মন্ত্ৰীসভাত এই স্থান পাবলৈ গৈ আছে ১৯ জনকৈ নতুন মুখ৷ যিহেতু উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন সমাগত গতিকে মন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত উত্তৰপ্ৰদেশ নিশ্চয় যথেষ্ঠ প্ৰভাৱ পৰিব৷

নতুনকৈ মন্ত্ৰীত্বৰ বাবে চৰ্চালৈ অহা নামবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল-উত্তৰপ্ৰদেশৰ সাংসদ অনুপ্ৰিয়া পেটেল, এছ এছ আলুওৱালিয়া, বিজয় গোয়েল, পি পি চৌধুৰী৷ এইসকল প্ৰত্যেকেই সোমবাৰে বিজেপি সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহৰ লগত সাক্ষাৎ কৰে৷ সূত্ৰৰ পৰা পোৱা প্ৰাপ্ত তথ্যমতে উত্তৰাখণ্ডৰ জলিত সাংসদ অজয় তামচা, গুজৰাটৰ ৰাজ্যসভাৰ সাংসদ পুৰষোত্তম ৰূপালা, মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদ ৰামদাস আঠয়ালে, উত্তৰপ্ৰদেশৰ পৰা বিজেপি সাংসদ মহেন্দ্ৰনাথ পাণ্ডে আৰু কৃষাণ ৰাজৰ ভাগ্য প্ৰবল সম্ভৱনা আছে৷ কিছুসংখ্যক মন্ত্ৰীয়ে মন্ত্ৰীত্বপদ হেৰুৱালেওঁ বিশেষ পৰিৱৰ্তন বিচৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ পিছে বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নিশ্চয় প্ৰধানমন্ত্ৰী সন্তুষ্ট যাৰ বাবেই বিত্তমন্ত্ৰী জেটলীক বিত্ত বিভাগৰ উপৰিও আন বিভাগৰ দায়িত্বৰ সম্ভৱনা আছে বুলি বিশেষ সূত্ৰত প্ৰকাশ৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment