সাক্ষাত্কাৰৰ সন্মুখীন হ’ব লাগিব ঠিকাভিত্তিক শিক্ষক

গুৱাহাটী, ৩ জুলাইঃ 
ৰাজ্যৰ বিভিন্ন হাইস্কুলত কৰ্মৰত হৈ থকা শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকলৈ অনিশ্চিয়তা বিৰাজ কৰাৰ সময়তে আজি শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ঠিকাভিত্তিক এইসকল শিক্ষক পুনৰ সাক্ষাত্কাৰত বহিব লাগিব।উল্লেখ্য যে তৰুণ গগৈ চৰকাৰে হাইস্কুলত কৰ্মৰত ৬,৭০০শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছিল যদিও বর্তমানৰ চৰকাৰে পূৰ্বৰ কেবিনেটৰ এই সিদ্ধান্ত কোনোপধ্যে নামানে। শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি পোনচাটে পূৰ্বৰ চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তক প্রত্যাখ্যান কৰি কয় যে চাকৰি নিয়মীয়াকৰণৰ বাবে কেবিনেটে কোনো সিদ্ধান্ত ল’ব নোৱাৰে।

উচ্চতম ন্যায়ালয়ে ইতিমধ্যে দিয়া উমা দেৱীৰ এক গোচৰ সংক্রান্তীয় ৰায়ৰ কথা উল্লেখ কৰি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্রত্যাহবান জনাই নিজাববীয়াকৈ সিদ্ধান্ত ল’ব নোৱাৰে। এই মন্তব্যৰ জৰিয়তে শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে পূৰ্বৰ কেবিনেটে লোৱা সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ’ব আৰু চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ঠিকাভিত্তিক শিক্ষকসকলে নতুন নিয়ম মানি চলিব লাগিব। এইসকল ঠিকাভিত্তিক শিক্ষকৰ বাবে চৰকাৰে টেট কিম্বা পৃথক সাক্ষাত্কাৰৰ ব্যৱস্থা কৰিব। উল্লেখ্য যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে তদানীন্তন শিক্ষামন্ত্রী শৰত্ বৰকটকীৰ আমোলত সিদ্ধান্ত লোৱা হৈছিল আৰু নির্বাচনী অধিসূচনা জাৰিৰ পূর্বে ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত গগৈ চৰকাৰৰ অন্তিম কেবিনেটত ইয়াক গৃহীত কৰা হৈছিল। কিন্তু ৰাজনৈতিক চমক দেখুৱাই কেবিনেটে সিদ্ধান্ত ল’লেও পূৰ্বৰ চৰকাৰখনে এইক্ষেত্ৰত কোনো বিভাগীয় নির্দেশনা জাৰি নকৰাত সেইদৰেই পৰি ৰয় বিষয়টো। আনকি ঠিকাভিত্তিক শিক্ষকৰ পৰা প্রাক্তন শিক্ষামন্ত্রী শৰত্ বৰকটকীয়ে বৃহত্ পৰিমাণৰ ধন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বর্তমানৰ শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ৰ এক গোচৰৰ ৰায়দানক দোহাই দি হাইস্কুলৰ ৬,৭০০ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ সম্ভৱ নহয় বুলি কৰা মন্তব্যই বাৰুকৈয়ে হতাশ কৰিছে শিক্ষকসকলক। এতিয়া শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাইকৰা ঘোষণা অনুসৰি ঠিকাভিত্তিক শিক্ষকসকলৰ পুনৰ সাক্ষাত্কাৰত অৱতীর্ণ হোৱা কিম্বা টেটত অৱতীর্ণ হোৱাৰ বাহিবে কোনো বিকল্প পথ নাই।ইফালে বিত্ত,স্বাস্থ্য তথা দলীয় নেতা-কর্মীৰ সৈতে মত-বিনিময় কৰে। উল্লেখ্য যে মন্ত্ৰীক লগ ধৰিবলৈ দলীয় বিষয়ববীয়া তথা কর্মীয়ে দিছপুৰত গৈ ভিৰ কৰা হেতুকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰতিগৰাকী মন্ত্ৰীয়ে কর্মীক লগ কৰিবলৈ নিজেই উপস্থিত হ’ব হেঙেৰাবাৰীস্থিত ৰাজ্যিক কার্যালয়ত। সেই অনুসৰি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতি দেওবাৰে কাৰ্যালয়ত উপস্থিত হ’ব। আজি সেই নিয়ম মানি প্রথমবাৰৰ বাবে হেঙেৰাবাৰীৰ কাৰ্যালয়ত উপস্থিত হৈ দুঘণ্টা সময় কটায় মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment