ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ আশংকাত ৫৬৩ বছৰীয়া বহৰি সত্ৰ

বৰপেটা, ৪ জুলাই,
অসমীয়া জাতীয় জীৱনৰ অন্যতম সম্পদ হৈছে অসমৰ সত্ৰ-নামঘৰসমূহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ এই চাৰি গুৰুৱে অসমীয়া জাতিটোক সাংস্কৃতিক ৰুচিবোধ সম্পন্ন জাতি ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে সত্ৰ-নামঘৰসমূহ স্থাপন কৰিছিল।অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ এই সত্ৰ-নামঘৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন নতুন চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিব বুলি কৰা ঘোষণাক আদৰিণ জনাইছে বৃহত্তৰ বহৰি উন্নয়ন পৰিষদে। পৰিষদখনৰ সভাপতি যজ্ঞনাৰায়ণ দাস, কার্যকৰী সভাপতি চোলেমান হুছেইন আৰু সম্পাদক হাবিবুল্লাহ খানে ৰাজ্যৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ লগে লগে গৰাখহনীয়াৰ আশংকাত পৰা সত্ৰসমূহকো ৰক্ষা কৰাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা লোৱাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে। খহনীয়াৰ আশংকাত মাজুলীৰ লগতে ৰাজ্যৰ কেবাখনো সত্ৰৰ দৰেই ১৪৫৩ খ্ৰীঃত স্থাপিত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ আদি বহৰি সত্ৰখন ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ আশংকাত পৰাত ৰাইজ চিন্তিত হৈ পৰিছে। ৫৬৩ বছৰীয়া বহৰি হৰিদেৱ সত্ৰ, স্বৰ্গদেউ শিৱসিংহৰ পৃষ্ঠস্বৰূপ থান ডক্ৰেশ্বৰ দেৱালয় আৰু ১৯৪২ চনত স্থাপিত অসমৰ দ্বিতীয়খন মাদ্রাছা গোমাফুলবাৰী ছিনিয়ৰ মাদ্ৰাছা, বিভিন্ন উৎসৰ যোগেদিবছৰি দুই কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰা ঐতিহাসিক বহৰি বজাৰৰ লগতে প্রায় শতাধিক শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠানক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰাতো সত্ৰ গাঁও বহৰিৰ
বাৰশ পৰিয়ালৰ লগতে বৃহত্তৰ বহৰি অঞ্চলৰ জাতি-ধর্ম-বর্ণনির্বিশেষে সর্বস্তৰৰ ৰাইজৰ মূল দাবী। দক্ষিণ-পূব বৰপেটাৰ এই বৃহত্তৰ বহৰি অঞ্চল তথা চেঙা সমষ্টিৰ ৭৩ খন গাঁৱৰ প্রায় ২৩ হাজাৰ পৰিয়ালক ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে উছন কৰি ভূমিহাৰা কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰিছে। উল্লেখ্য যে, মহাপুৰুষ হৰিদেৱ স্থাপিত ৫৬৩ বছৰীয়া সত্ৰখনত সত্ৰ স্থাপনৰ দিনৰে পৰা জ্বলি থকা অক্ষয় বন্তি গছি আজি নির্বাপিত হোৱাৰ উপক্রম হৈছে। কিয়নো সম্প্রতি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থলীৰ পৰা বহৰি সত্ৰৰ দূৰত্ব প্রায় ৪০০ মিটাৰ। এনে অৱস্থাত সত্ৰখন খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে অতিশীঘ্ৰে কার্যকৰী ব্যৱস্থা গ্রহণ নকৰিলে ৰাজ্যৰ কেবাখনো সত্ৰৰ দৰেই বহৰি সত্ৰখনো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ আশংকা প্রকাশ কৰিছে স্থানীয় ৰাইজে। সত্ৰখন ৰক্ষা কৰাৰ বাবে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক বহৰি হৰিদেৱ সত্ৰকে ধৰি অঞ্চলটোৰ শতাধিক অনুষ্ঠান-প্রতিষ্ঠান আৰু স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment